উত্তৰ প্ৰদেশত নিৰ্মিত লতা মংগেশকাৰৰ স্মৃতিসৌধৰ আজি শুভ উদ্বোধনী । ৰাজ্যৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
ইয়াৰ উপৰিও ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তেও উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। জানিব পৰা মতে এই বিশেষ অনুষ্ঠানটো পুৱা ১০:৫০ বজাৰ পৰা আৰম্ভ হৈছে। এই অনুষ্ঠানৰ অংশ হিচাপে মঙলবাৰৰ পৰা আৰম্ভ হৈছে ৰামকাঠা উদ্যান সজোৱাৰ কাম। প্ৰশাসনিক বিষয়াসকলো সকলো কাম-কাজ নিৰীক্ষণত ব্যস্ত হৈ পৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰক সম্বোধন কৰি কয়, ‘অযোধ্যাত তেওঁৰ নামেৰে এটা স্মৃতিসৌধৰ নামকৰণ কৰা হৈছে বুলি জানি মই অতি সুখী।’ ইয়াৰ উপৰিও ৰামনাগৰীৰ নয়াঘাট ছেক্সন এতিয়াৰে পৰা লতা নামেৰে পৰিচিত হ’ব বুলি জনা গৈছে। অনুষ্ঠানৰ আৰম্ভণিতে এই ছেক্সনটো উদ্বোধন কৰা হ’ব। তাৰ পিছত সকলো অতিথি উপস্থিত হ’ব অনুষ্ঠানৰ মূল স্থান ৰামকাঠা উদ্যান। ইয়াতেই সুৰৰ এই কৃতিত্বক সন্মান জনোৱা হ’ব। তাৰ পিছত কণ্ঠশিল্পীগৰাকীৰ ভতিজা আদিনাথ মংগেশকাৰ আৰু তেওঁৰ পত্নী কৃষ্ণ মংগেশকাৰক আদৰণি জনোৱা হ’ব। এই উপলক্ষে মহাৰাষ্ট্ৰৰ প্ৰখ্যাত কণ্ঠশিল্পী সাৱনী ৰবীন্দ্ৰই পৰিবেশন কৰিব লতাৰ ভজন।
চৰকাৰী সূত্ৰ অনুসৰি আজিৰ দিনটোতে অযোধ্যা শোধ সন্থাৰ দ্বাৰা প্ৰকাশিত ‘গ্লোবেল এনচাইক্ল’পিডিয়া অৱ ৰামায়ণ’ৰ ১১খন গ্ৰন্থ উদ্বোধন কৰা হ’ব। ইয়াৰ মাজতে সম্প্ৰসাৰণ কৰা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ’ বাৰ্তা। এই উপলক্ষে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ অধ্যক্ষ মহন্ত নৃত্যগোপাল দাস, উত্তৰ প্ৰদেশৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী জয়বীৰ সিং, সাংসদ লালু সিং, বিধায়ক বেদপ্ৰকাশ গুপ্তাকে ধৰি বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকিব।
এই স্মৃতিসৌধৰ বিশেষ বৈশিষ্ট্যসমূহ কি কি?
১) লতা মংগেশকাৰ স্মাৰকত ব্যয় হৈছে ৭.৯ কোটি টকা।
২) স্মৃতিসৌধত লতা মংগেশকাৰৰ ভজন শুনিবলৈ পোৱা যায়।
৩) এখন বিশাল বীণা প্ৰতিষ্ঠা কৰা হ’ব।
৪) বীনাৰ দৈৰ্ঘ্য ১০.৪ মিটাৰ আৰু উচ্চতা ১২ মিটাৰ।
৫) ৭০ জন শ্ৰমিকে ১৪ টন ওজনৰ এই বীণা বনাইছিল।
৬)এই বীনাখন ব্ৰঞ্জ আৰু ষ্টীলৰ পৰা প্ৰায় এমাহ কঠোৰ পৰিশ্ৰম কৰি তৈয়াৰ কৰা হয়।
৭) পদ্ম বঁটা বিজয়ী ৰাম সুতাৰে এই বীনাৰ ডিজাইন কৰিছিল।