শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ নেহেৰু প্ৰাথমিক বিদ্যালয়ত আজি সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাৰ আহ্বান মৰ্মে সৰ্বশিক্ষা অভিযানৰ অতিৰিক্ত শ্ৰেণী কোঠাৰ আধাৰশিলা তথা নিৰ্মাণ কাৰ্য্য শুভ উদ্ধোধন কৰে বৰভগীয়া জিলা পৰিষদৰ সদস্যা পলি চুতীয়া বৰাই । আজি পুৱাই জামুগুৰিহাটৰ চুটীয়াম স্থিত নেহেৰু প্ৰাথমিক বিদ্যালয়ত গৃহ নিৰ্মানৰ আধাৰশিলাৰ লগতে বৃক্ষ ৰোপন কাৰ্য্যসূচী ৰূপায়ন কৰা হয়৷ আধাৰ শিলা স্থাপন কৰি দিয়া ভাষন প্ৰসংগত বৰভগীয়া জিলা পৰিষদৰ সদস্য পলি চুতীয়া বৰাই কয় যে – চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বলিষ্ঠ পদক্ষেপৰ বাবেই সমষ্টিটোত প্ৰাথমিক বিদ্যালয় সমুহৰ যি এক দীৰ্ঘদিনীয়া সমস্যা আছিল সেই সমস্যাসমুহ আজি সমাধানৰ পথত । এই সমুহ বিদ্যালয়ত শিক্ষাৰ জৰিয়তে প্ৰতিজন শিশুক মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰচেষ্টা হাতত লোৱা উচিত । আধাৰশিলা অনুষ্ঠানটিত অংশগ্ৰহণ কৰে দক্ষিন চিলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী গংগা দেৱী, বিদ্যালয়খনৰ প্ৰধান শিক্ষক ভৱিন্দ্ৰ ভূঞা আৰু সহকাৰী শিক্ষকদ্বয় প্ৰানপলাস বৰা আৰু প্লাৱন চেত্ৰীয়ে ৷