আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দনা অভিনীত ছবিখন হৈছে বহু চৰ্চিত ছবি ‘পুষ্প: দ্য ৰাইজ’। চিনেমাখনৰ কাহিনীৰ সমান্তৰালকৈ ইয়াৰ গানবোৰে দৰ্শকৰ মন জয় কৰিছিল। বিশেষকৈ চিনেমাখনৰ আইটেম ছংটোত সামান্থা আৰু আল্লুৰ কেমিষ্ট্ৰিয়ে দৰ্শকৰ প্ৰশংসা লাভ কৰিছিল।

অতি সোনকালে আৰম্ভ হ’ব ‘পুষ্প-২’ বা ‘পুষ্প: দ্য ৰুল’ চিনেমাখনৰ শ্বুটিং। দ্বিতীয় খণ্ডতো আল্লু-ৰশ্মিকাক পৰ্দাত দেখা যাব। ইফালে, আইটেম ছংটোত অভিনেত্ৰী কাজল আগৰৱালাক দেখা পাব বুলি চৰ্চা চলিছে।
এক খবৰ অনুসৰি চিনেমাখনৰ আইটেম ছংত আল্লু অৰ্জুনৰ সৈতে এক আকৰ্ষণীয় ৰূপত দেখিব কাজল আগৰৱালাক। সকলো ঠিকে থাকিলে এইটো হ’ব কাজলৰ দ্বিতীয় আইটেম গান। ইয়াৰ পূৰ্বে কাজোলে ‘জনতা গেৰেজ’ চিনেমাখনৰ আইটেম ছংত নৃত্য কৰিছিল।
কিন্তু এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই নিৰ্মাতাসকলৰ পৰা। কিছুদিন পূৰ্বে ‘পুষ্পা-২’ চিনেমাখনৰ আইটেম ছংত দিশা পাটনীক দেখা যাব বুলি চৰ্চা হৈছিল। তাৰ পিছত শুনা গৈছে যে, মলাইকা আৰোৰাইও আইটেম গানত নাচিব।
ইয়াৰ পূৰ্বে সামন্থাই ‘পুষ্প: দ্য ৰাইজ’ চিনেমাৰ ‘অ’ অন্তৱ, অ’ অন্তৱ’ গীতটোত নৃত্য কৰিছিল। এই আইটেম গীতটোৱে বিশ্বৰ শীৰ্ষ ১০০ টা মিউজিক ভিডিঅ’ৰ তালিকাত শীৰ্ষস্থান দখল কৰে। যোৱা ডিচেম্বৰ মাহত ইউটিউবে নিজৰ ভিডিঅ’ ষ্ট্ৰীমিং ৱেবছাইটত ‘বিশ্বৰ শীৰ্ষ ১০০টা মিউজিক ভিডিঅ’ৰ তালিকা প্ৰকাশ কৰিছিল, যিটো ইউটিউবে কয় যে মানুহৰ পছন্দৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়। এতিয়ালৈকে এই গীতটি ইউটিউবত ৩ কোটি ২৭ লাখ ৬০ হাজাৰতকৈ অধিক বাৰ চোৱা হৈছে।

অতি সোনকালে আৰম্ভ হ’ব ‘পুষ্প: দ্য ৰুল’ৰ শ্বুটিং। ইয়াত আল্লু অৰ্জুন আদিয়ে অংশগ্ৰহণ কৰিব। শুনা গৈছে যে প্ৰথমখন চিনেমাৰ সফলতাৰ পিছত পৰিচালক সুকুমাৰে দ্বিতীয়খন ছবিত ডাঙৰ পৰিৱৰ্তন আনিছে। চিনেমাখনৰ ক্লাইমেক্স দৃশ্যটোৱেও দৰ্শকৰ বাবে এক চমক দিব। আল্লু অৰ্জুনৰ লুকটোৰ ওপৰতো পুনৰ চিন্তা কৰা হৈছে। তদুপৰি ফাহাদ ফাঁচিলৰ চৰিত্ৰটোক অধিক গুৰুত্ব দিয়া হ’ব।