বুৰ্কা পিন্ধিবলৈ আপত্তি কৰা আৰু ইছলামিক ৰীতি-নীতি মানি চলিবলৈ অস্বীকাৰ কৰাৰ বাবেই ডিঙি কাটি হত্যা পত্নীক
যদিও প্ৰেমৰ বাবে বিয়া হৈছিল, তথাপিও একেলগে থকাৰ তিনি বছৰৰ ভিতৰতে ধৰ্মক লৈ হোৱা সংঘাতৰ অন্ত পৰিল মৰ্মান্তিক ভাবে । বুৰ্কা পিন্ধিবলৈ আপত্তি কৰা আৰু ইছলামিক ৰীতি-নীতি মানি চলিবলৈ অস্বীকাৰ কৰাৰ বাবে মুছলমান স্বামীয়ে ডিঙি কাটি হত্যা কৰিলে পত্নীক। মুম্বাইৰ তিলক নগৰ অঞ্চলত সংঘটিত হোৱা মৰ্মান্তিক হত্যাকাণ্ডক কেন্দ্ৰ কৰি বহু উত্তেজনা বিয়পি পৰিছে। ২২ বছৰীয়া কিশোৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মুছলমান যুৱকজনক।
আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে নিশা সংঘটিত হয় এই হত্যাকাণ্ড। মৃত ছোৱালীজনীৰ নাম ৰূপালী চন্দনশিৱ। তিনি বছৰ পূৰ্বে ইকবালৰ বিয়া হৈছিল মহম্মদ শ্বেখৰ সৈতে। তেওঁলোকৰ এটা সন্তান আছে। ইকবালে বিয়াৰ পিছৰে পৰা ৰূপালীক বুৰ্খা পিন্ধিবলৈ হেঁচা দি আছিল। অন্যান্য ইছলামিক আচাৰ-অনুষ্ঠান বলবৎ কৰা হৈছিল। এইটোক কেন্দ্ৰ কৰি তেওঁলোকৰ মাজত প্ৰায়ে অসুবিধা হৈছিল। ইকবালৰ পৰিয়ালেও হেঁচা প্ৰয়োগ কৰিছিল। এই অশান্তিৰ বাবেই কেইমাহমান আগতে ৰূপালী ঘৰলৈ উভতি আহিছিল।
সোমবাৰে নিশা প্ৰায় ১০ বজাত ইকবালক লগ কৰি বিবাহ বিচ্ছেদ বিচাৰে কিন্তু ইকবালে তালাক দিবলৈ মান্তি নহ’ল। সি সন্তানৰ বাবে বিবাহ বিচ্ছেদ বিচৰা নাছিল। কিন্তু ৰূপালীয়ে আৰু তাৰ লগত থাকিব নিবিচাৰিলে। তৰ্কৰ মাজতে তেওঁক চোকা কটাৰীৰে ইকবালে পত্নীৰ ডিঙি কাটি হত্যা কৰে। থিতাতে মৃত্যু হয় ৰূপালীৰ।