আজি গুৱাহাটীত উপস্থিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দল

নিউজ ডেস্ক, ২৯ চেপ্তেম্বৰঃ আজি গুৱাহাটীত উপস্থিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দল। আজি বিয়লি ৪.৪৫ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’বহি দল দুটা। বিশেষ বিমানযোগে দুয়োটা দল উপস্থিত হ’ব বৰঝাৰ বিমান বন্দৰত।

বৰঝাৰত উপস্থিত হৈ পোনে পোনে দুয়োটি দলক লৈ যোৱা হ’ব হোটেল ৰেডিচন ব্লুলৈ।দুয়োটা দলে পৃথকে পৃথকে অনুশীলন চলাব বৰ্ষাপাৰা ষ্টেডিয়ামত।

উল্লেখ্য যে ৩০ ছেপ্টেম্বৰৰ দিনৰ ২ বজাত প্রথমে অনুশীলন চলাব ভাৰতীয় দলে। আনহাতে, বিয়লি ৫ বজাত বৰষাপাৰা ষ্টেডিয়ামত ফ্লাড লাইটত অনুশীলন চলাব দক্ষিণ আফ্রিকাৰ ক্ৰিকেট দলে।

AssamDaily time axomGuwahatiIndiaSports