Daily Time Axom

জম্মু-কাশ্মীৰৰ উধমপুৰত ভয়ংকৰ বোমা বিস্ফোৰণ, বিস্ফোৰণত গুৰুতৰভাৱে আহত দুজনকৈ লোক

32

নিউজ ডেস্ক, ২৯ চেপ্তেম্বৰঃ জম্মু-কাশ্মীৰৰ উধমপুৰত ভয়ংকৰ বোমা বিস্ফোৰণ ৷ কেমেৰাত বন্দী শিহৰণকাৰী দৃশ্য ৷ নিশা এখন বাছত সংঘটিত হয় বিস্ফোৰণটো ৷ এটা পেট্ৰ’ল পাম্পৰ সন্মুখত নিশা ৰৈ আছিল বাছখন ৷ বিস্ফোৰণত গুৰুতৰভাৱে আহত দুজনকৈ লোক ৷

এই বাছখন উধমপুৰ জিলাৰ বসন্তগড়ৰ পৰা আহিছিল আৰু বাছ ষ্টেণ্ডত নিশা ৰৈ আছিল। উধমপুৰ-ৰিয়াচি ৰেঞ্জৰ ডিআইজি চুলেমান চৌদাৰীয়ে কয় যে, বিস্ফোৰণত দুইৰ পৰা তিনিখন বাছ ক্ষতিগ্ৰস্ত হৈছে। লগতে কয় যে, “বিস্ফোৰক আৰু অন্যান্য বস্তুৰ ওপৰত তদন্ত চলি আছে” ।

আহত লোকসকলক সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই ঘটনাৰ পিছতেই আৰক্ষীয়ে সতৰ্কবাণী জাৰি কৰিছে আৰু মানুহক যিকোনো সন্দেহজনক সামগ্ৰীৰ বাবে তেওঁলোকৰ বাহনসমূহ পৰীক্ষা কৰিবলৈ অনুৰোধ জনায়।

আৰক্ষী আৰু অন্যান্য সুৰক্ষা বাহিনীৰ কৰ্মচাৰীসকলে বাছ ষ্টেণ্ডটো ঘেৰাও কৰে আৰু সকলো বাহনৰ সেৱা পুনৰ আৰম্ভ কৰিবলৈ অনুমতি দিয়াৰ আগতে ভালদৰে পৰীক্ষা কৰে।

Comments are closed, but trackbacks and pingbacks are open.