Daily Time Axom

বিবাহিত মহিলাৰ দৰে যুৱতী সকলৰো গৰ্ভপাত কৰাৰ অধিকাৰ আছে-উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

35

নিউজ ডেস্ক, ২৯ চেপ্তেম্বৰঃ আজি উচ্চতম ন্যায়ালয়ে মহিলাসকলৰ সপক্ষে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে।এতিয়াৰে পৰা বিবাহিত মহিলাৰ দৰে যুৱতী সকলৰো গৰ্ভপাত কৰাৰ অধিকাৰ আছে।

এতিয়াৰে পৰা ভাৰতৰ বিবাহিত অবিবাহিত সকলো মহিলাই সুৰক্ষিত আৰু আইনী গৰ্ভপাতৰ অধিকাৰী হ’ব।অৰ্থাৎ এতিয়াৰে পৰা অবিবাহিত যুৱতীয়েও গৰ্ভপাতৰ কৰাটো আইন মতে দণ্ডনিয় নহয়।

উচ্চতম ন্যায়ালয়ে গৰ্ভধাৰণৰ চিকিৎসা সমাপ্তি আইন সংশোধন কৰি কয় যে এগৰাকী বিবাহিত মহিলাৰ দৰে অবিবাহিত যুৱতী সকলৰো গৰ্ভপাত কৰাৰ অধিকাৰ আছে।

উচ্চতম ন্যায়ালয়ে এমটিপি আইনৰ পৰিৱৰ্তন আৰু ইয়াৰ সৈতে সম্পৰ্কিত নিয়মসম্পৰ্কে এই সিদ্ধান্ত দিছে। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে কয় যে এগৰাকী অবিবাহিত মহিলাক অবাঞ্ছিত গৰ্ভধাৰণত ভুগিবলৈ দিয়াটো গৰ্ভধাৰণৰ চিকিৎসা সমাপ্তি (এমটিপি) আইনৰ উদ্দেশ্য আৰু আত্মাৰ বিপৰীত হ’ব।

Comments are closed, but trackbacks and pingbacks are open.