ধুবুৰীত ভয়ংকৰ ঘটনা, ব্ৰহ্মপুত্ৰত ডুবিল যন্ত্ৰচালিত নাও

নিউজ ডেস্ক, ২৯ চেপ্তেম্বৰঃ ধুবুৰীত ভয়ংকৰ নাও দূৰ্ঘটনা। ব্রহ্মপুত্রৰ বুকুত সংঘটিত হয় এই নাও দুৰ্ঘটনা। কোবাল সোঁতত নিয়ন্ত্রণ হেৰুৱাই ডুব যায় নাওখন। দুৰ্ঘটনাত কেইবাজনো যাত্ৰী সন্ধানহীন হৈ আছে। আনহাতে, বৰ্তমানলৈ দুজন লোকক উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে নাওখনত আছিল চৰকাৰী বিষয়াসকল। চৰজমিন অনুসন্ধানৰ বাবে ধুবুৰীলৈ গৈছিল বিষয়া-কৰ্মচাৰীৰ দলটো। ঘটনাস্থলীত উপস্থিত হৈ এছ.ডি.আৰ.এফ বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

AssamDaily time axomDhuburiIndiaSDRF