বিদ্যালয়ত ভয়ংকৰ বিস্ফোৰণ, বিস্ফোৰণত মৃত্যু ২৭ জনৰ

নিউজ ডেস্ক, ৩০ চেপ্তেম্বৰঃ আফগানিস্তানৰ ৰাজধানী কাবুলত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। এখন বিদ্যালয়ত সংঘটিত হোৱা এই বিস্ফোৰণত প্ৰায় ২৭ জন লোক নিহত হয়। লগতে কেইবাজনো লোক আহত হয়।

এই বিস্ফোৰণত মৃত্যু হোৱা সকলৰ ভিতৰত প্ৰায় ১৯ জন শিক্ষাৰ্থী আছিল । কাবুল আৰক্ষী প্ৰধানৰ এজন তালিবান মুখপাত্ৰই কয় যে এই বিস্ফোৰণ আফগান ৰাজধানীৰ এটা চিয়া অধ্যুষিত অঞ্চলত সংঘটিত হৈছিল।

উল্লেখ্য যে, উক্ত অঞ্চলত চিয়া আৰু হাজাৰা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে বাস কৰে। এই অঞ্চলত প্ৰায়ে মাৰাত্মক আক্ৰমণ সংঘটিত হয়। শিক্ষাৰ্থী সকলে পৰীক্ষাৰ্থীৰ প্ৰস্তুতি চলাই থকাৰ মাজতেই এই বিস্ফোৰণ সংঘটিত হয়।

AfganistanBlastDaily time axom