অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে আৰ্যনগৰ উৰণীয়া সেতু

নিউজ ডেস্ক, ৩০চেপ্তেম্বৰঃ মহানগৰবাসীলৈ পূজাৰ উপহাৰ। অৱশেষত মুকলি কৰা হ’ল গুৱাহাটী আৰ্যনগৰৰ উৰণ সেতু। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে মহানগৰীৰ আৰ্যনগৰত নিৰ্মাণ কৰা উৰণীয়া সেঁতুখন। গুৱাহাটীবাসীৰ বাবে মুকলি কৰে দুইলেনযুক্ত উৰণীয়া সেঁতুখন। উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য ৭৯০ মিটাৰ। ১৪৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে উৰণীয়া সেঁতুখন। নিৰ্ধাৰিত সময়তকৈ ১০মাহ পূৰ্বে মুকলি কৰে উৰণীয়া সেঁতুখন।

AssamDaily time axomGuwahatiHimanta Biswa SarmaInaugurationIndia