নিউজ ডেস্ক, ৩০ চেপ্তেম্বৰঃ বৃহস্পতিবাৰে টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰসকল গুৱাহাটীত উপস্থিত হৈছে। হোটেল ৰেডিছন ব্লুত বাহৰ পাতিছে খেলুৱৈসকলে।
আজি দুয়োটা দলে খেলপথাৰ পৰ্যবেক্ষণ কৰাৰ লগতে অনুশীলন কৰিব বৰ্ষাপাৰা ষ্টেডিয়ামত।
ইতিমধ্যে টীম ইণ্ডিয়াই অনুশীলনৰ বাবে উপস্থিত হৈছে বৰ্ষাপাৰাত।
দুপৰীয়া ১ বজাৰ পৰা ৪ বজালৈ টীম ইণ্ডিয়াই অনুশীলন কৰিব বৰ্ষাপাৰা ষ্টেডিয়ামত। আনহাতে বিয়লি ৫ বজাৰ পৰা ৮ বজালৈ অনুশীলন কৰিব দক্ষিণ আফ্ৰিকাৰ দলটোৱে।
উল্লেখ্য যে, ২ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় টি–২০ খেল।