নিউজ ডেস্ক, ১ অক্টোবৰঃ দেশজুৰি আৰম্ভ হ’ল 5G মোবাইল নেটৱৰ্ক সেৱা ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে 5G সেৱা ৷ ইণ্ডিয়ান মোবাইল কংগ্ৰেছৰ ষষ্ঠ সংস্কৰণৰ সভাত মুকলি 5G সেৱা ৷
ইতিমধ্যে সম্পন্ন হৈছে 5G সেৱাৰ নিলাম প্ৰক্ৰিয়া ৷ এই প্ৰক্ৰিয়াৰ জৰিয়তে চৰকাৰৰ ৰাজহ সংগ্ৰহ হ’ব ১ লাখ ৫০ হাজাৰ ১৭৩ কোটি টকা ৷ ৰিলায়েন্স, জিঅ’, ভাৰতী এয়াৰটেলে দেশৰ নিৰ্বাচিত মহানগৰত আৰম্ভ কৰিব সেৱা ৷ চলিত বৰ্ষৰ শেষৰ ভাগত অথবা ২০২৪ৰ প্ৰথমাৰ্ধত সমগ্ৰ দেশতে উপলব্ধ এই সেৱা ৷ দিল্লী, মুম্বাই, চেন্নাই আৰু কলকাতাবাসীয়ে প্ৰথমে লাভ কৰিব এই সেৱা ৷ প্ৰথমাৱস্থাত সৰ্বমুঠ ১৩ খন চহৰৰ বাসিন্দাৰ বাবে উপলব্ধ হ’ব এই সেৱা ৷