নৈশ বাছ ‘ৰাঘৱ’ত ৩৪ টা গো ধন জব্দ আৰক্ষীৰ

নিউজ ডেস্ক, ১ অক্টোবৰঃ পুনৰ নৈশ বাছত গো-ধন সৰবৰাহৰ চেষ্টা সৰবৰাহকাৰীৰ। কিন্তু নৈশ বাছত এইবাৰ যাত্ৰী নহয়।গো-ধন সৰবৰাহৰ নতুন এক কৌশল। নৈশ বাছৰ ভিতৰত এইবাৰ মানুহ নহয় গৰু সৰবৰাহ।

পুৱতি নিশা মিছা আৰক্ষীৰ জালত এখন নৈশ বাছত উদ্ধাৰ ৩৪ টাকৈ গৰু। কলিয়াবৰৰ মিছা আৰক্ষীয়ে অভিযান চলাই পুৱতি নিশা এখন নৈশ বাছ জব্দ কৰে আৰু বাছখনৰ পৰা উদ্ধাৰ কৰে ৩৪টা গৰু।

মেঘালয়ৰ পৰা নগাঁও অভিমুখে গৰু লৈ আহিছিল AS 01 DC 4442 নম্বৰৰ “RAGHAV” নামৰ নৈশ বাছ খনে।

AssamDaily time axomIndiaMisa PoliceSeized