নিউজ ডেস্ক, ২ অক্টোবৰঃ ফুটবল খেলৰ মাজত প্ৰচণ্ড সংঘৰ্ষ। এই সংঘৰ্ষত ১২৭ জনৰো অধিক লোকৰ মৃত্যু হৈছে আনহাতে আহত হয় ২ শতাধিক লোক। ইণ্ডোনেছিয়াত সংঘটিত হৈছে এই প্ৰচণ্ড মাৰপিটৰ ঘটনা।
ইণ্ডোনেছিয়াৰ আৰেমা ফুটবল ক্লাব আৰু পাৰ্ছেবায়া ক্লাবৰ মাজৰ ফুটবল খেল এখনত এই সংঘৰ্ষৰ সৃষ্টি হয় । খেলৰ ফলাফলক লৈ দুয়ো দলৰ অনুৰাগীৰ মাজত সৃষ্টি হোৱা বিতৰ্কই ক্ৰমে বিষম ৰূপ লয় । তাৰ পাছতেই ষ্টেডিয়ামৰ নিৰাপত্তাৰক্ষী আৰু ইণ্ডোনেছিয়ান আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা চলাই যদিও বৃহৎ সংখ্যক অনুৰাগীক নিয়ন্ত্ৰণলৈ আনিবলৈ অসফল হয় । সাধাৰণ মতানক্যৰ পৰা সৃষ্টি হোৱা কাজিয়াত ১২৭ জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হয় আন বহু শতাধিক লোক ।