নিউজ ডেস্ক, ২ অক্টোবৰঃ আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত হাই ভল্টেজ মেচ। খেলখন চাবলৈ দৰ্শক অনুৰাগীৰ মাজত দেখা গৈছে ব্যাপক উৎকণ্ঠা। ভাৰতৰ সমৰ্থনত বৰ্ষাপাৰা গ্ৰাউণ্ডৰ বাহিৰত ভিৰ ক্ৰিকেট অনুৰাগীৰ।
আজি সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব ক্ৰিকেট মেচ। পূজাৰ মাজতে গুৱাহাটীত অনুষ্ঠিত কৰা হৈছে হাইভল্টেজ মেচ।
পূজাৰ লগতে ক্ৰিকেট মেচখনত কোনো অসুবিধা নোহোৱাকৈ ভালদৰে অনুষ্ঠিত কৰিবৰ বাবে জাৰি কৰা হৈছে কেতবোৰ নীতি-নিৰ্দেশনা। ষ্টেডিয়ামৰ পৰা ২ কিলোমিটাৰ দূৰত্বত দৰ্শকে ৰাখিব পাৰিব নিজৰ বাহন সমূহ।
আনহাতে, সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিছে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম। সাজু হৈছে ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলুৱৈসকল। সন্ধিয়া খেল উপভোগ কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে দৰ্শক।
Comments are closed, but trackbacks and pingbacks are open.