নিউজ ডেস্ক, ৩ অক্টোবৰঃ বৰ্ষাপাৰাত দৰ্শকৰ উৎসাহ আৰু সমৰ্থনত আপ্লুত বিৰাট কোহলী। বৰ্ষাপাৰাৰ সামগ্ৰিক পৰিৱেশৰ বাবে গুৱাহাটীক ধন্যবাদ কোহলীৰ।
দেওবাৰে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ ক্ৰিকেটত ভাৰতে দক্ষিণ আফ্ৰিকাক ১৬ ৰাণত পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে টি-২০ আন্তৰ্জাতিক শৃংখলাত জয় নিশ্চিত কৰে।
খেলৰ সমাপ্ত হোৱাৰ পিছতে বিশেষ টুইট কৰিছে ভাৰতৰ বিস্ফোৰক বেটছমেন বিৰাট কোহলীয়ে।