Daily Time Axom

আজি মহাষ্টমী

35

নিউজ ডেস্ক, ৩ অক্টোবৰঃ আজি মহাষ্টমী। আজি নৱৰাত্ৰিৰ অষ্টম দিন। আহিন মাহৰ শুক্লাষ্টমীত উদযাপন কৰা এই দিনটোতে কৰা হয় দেৱীৰ অস্ত্ৰপূজা । আজিৰ দিনটোতেই সকলো দেৱতাই নানান অস্ত্ৰ প্ৰদান কৰি দেৱীক ৰণলৈ প্ৰস্তুত কৰি তুলিছিল । সেই বাবেই আজিৰ দিনটোক ভাৰতৰ বিভিন্ন প্ৰান্তত বীৰ অষ্টমীও বোলা হয় ।

সমগ্ৰ দেশৰ লগতে অসমতো মণ্ডপে মণ্ডপে ভক্তৰ ভিৰ দেখা পোৱা গৈছে ৷ বৈদিক মন্ত্রোচাৰণেৰে মুখৰ ৰাজ্যৰ চৌদিশ। কিন্তু নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত মহানগৰীৰ ঠায়ে-ঠায়ে কৃত্ৰিম বান ৷

Comments are closed, but trackbacks and pingbacks are open.