নিউজ ডেস্ক, ৩ অক্টোবৰঃ গোসাঁইগাঁৱত পিষ্টলসহ এজনক গ্ৰেপ্তাৰ । গোসাঁইগাঁৱৰ ২নং সেৰফাংগুৰিত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ লোকজনক।লোকজনৰ নাম মানোবাৰ হুছেইন বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ২৯ ছেপ্টেম্বৰৰ সন্ধিয়া তেলীপাৰাত অচিনাক্ত দুৰ্বৃত্তৰ গুলীত আহত হৈছিল এজন লোক ।গুলীচালনাত আহত লোকজন গোসাঁইগাঁৱৰ তেলীপাৰাৰ জহিৰুল ইছলাম।
উক্ত গুলী চালনা ঘটনাৰ তদন্ত কৰি নিশা এটা পিষ্টল উদ্ধাৰ কৰে গোসাঁইগাঁও আৰক্ষীয়ে। সেই ঘটনাৰ পিছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি গোসাইগাঁৱৰ পৰা পিষ্টলসহ লোকজনক গ্ৰেপ্তাৰ কৰে।