নিউজ ডেস্ক, ৩ অক্টোবৰঃ দুৰ্গাপূজাৰ উছাহৰ মাজতে উত্তৰ প্ৰদেশত শোকাৱহ ঘটনা। পূজাৰ মণ্ডপত জুই লাগি ৩ জনৰ মৃত্যু। ঘটনাত আহত হৈছে ৫০জনৰো অধিক লোক। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ভাদোহীত। দেওবাৰে নিশা পূজাৰ মণ্ডপত লাগিছিল জুই।
ইতিমধ্যে আহতসকলক বাৰাণসী আৰু প্ৰয়াগৰাজ চিকিৎসালয়ত ভৰ্তি। ঘটনাত গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। অগ্নিদগ্ধসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
আৰতিৰ কাৰ্যসূচী চলি আছিল সেই সময়ত, তেনেতেই শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগি যায়।
Comments are closed, but trackbacks and pingbacks are open.