গোৱালপাৰাত ১৫ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ

নিউজ ডেস্ক, ৪ অক্টোবৰঃ দুৰ্গা পূজাৰ মাজতে অসমত এক লজ্জাজনক ঘটনা সংঘটিত হৈছে।

গোৱালপাৰাৰ আগিয়াত এই লজ্জাজনক কাণ্ড সংঘটিত হয়। ৩ লম্পটৰ কামনাৰ বলি এগৰাকী স্কুলীয়া ছাত্রী।

১ অক্টোবৰত গধাৰবড়ি জংঘলত সংঘটিত হয় এই ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি ছাত্রী গৰাকী স্কুলৰ পৰা ঘৰলৈ উভতাৰ সময়ত এই কাণ্ড সংঘটিত হয়।

পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে ৩ লম্পটক আটক কৰিছে আৰক্ষীয়ে। আটক হোৱা অভিযুক্ত কেইজন ক্ৰমে আলম, আক্কাছ, আজিবুল। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

AssamDaily time axomGoalparaIndiaMinor GirlRape