Daily Time Axom

ভয়ংকৰ ঘটনা, জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান (কাৰাগাৰ)ক হত্যা

43

নিউজ ডেস্ক, ৪ অক্টোবৰঃ জম্মু-কাশ্মীৰত ভয়ংকৰ ঘটনা। জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান (জে’ল)ক হত্যা। নিশা বাসগৃহতে DG (JAIL) হেমন্ত লোহিয়াক হত্যা।
জম্মু-কাশ্মীৰৰ উদয়ৱালা অঞ্চলত এই ঘটনা সংঘটিত হৈছে।

ইতিমধ্যে হত্যাৰ দায়িত্ব স্বীকাৰ The Resistange Front (TRF)ৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়তে এই ঘটনা সংঘটিত হয়। সোমবাৰৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰে জম্মু-কাশ্মীৰত আছে অমিত শ্বাহ। এই ঘটনাৰ পাছতে নিৰাপত্তাক লৈ উত্থাপন হৈছে প্ৰশ্ন।

ঘৰৰ বনকৰা লোকে লোহিয়াক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। কিয়নো লোহিয়াৰ মৃত্যুৰ পাছৰে পৰা পলাতক অৱস্থাত আছে বনকৰা লোকজন।

Comments are closed, but trackbacks and pingbacks are open.