নিউজ ডেস্ক, ৪ অক্টোবৰঃ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান বৰ্তমানেও অব্যাহত আছে।মাৰ্ঘেৰিটা মহকুমাৰ জাগুন আহোম পথাৰৰ পৰা লেখাপানী আৰু জাগুন আৰক্ষীৰ যৌথ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ এগৰাকী অবৈধ ড্ৰাগছ মহিলা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। ১২ টা ড্ৰাগছ কণ্টেইনাৰসহ হিৰইন খিনি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আটকাধীন মহিলা গৰাকীৰ নাম বন্দনা দেৱী বুলি জানিব পৰা গৈছে। আনহাতে মুন বৰা নামৰ ড্ৰাগছ ব্যৱসায়ী এজন পলাই যাবলৈ সক্ষম হয়। জব্দ কৰা ড্ৰাগছ খিনিৰ মূল্য কেইবালাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।