নিউজ ডেস্ক, ৫ অক্টোবৰঃ অৰুণাচল প্ৰদেশত সেনাবাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত । অৰুণাচল প্ৰদেশৰ টাৱাঙৰ এটা ফৰৱাৰ্ড এলেকাত সংঘটিত হৈছে এই হেলিকপ্টাৰ দুৰ্ঘটনা। উল্লেখ্য যে চিতা হেলিকপ্টাৰখন নিয়মীয়া উৰণৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। য’ত দুজন পাইলট আছিল।
দুৰ্ঘটনাৰ পিছতে দুয়োজন পাইলটক উদ্ধাৰ কৰি স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। দুৰ্ভাগ্যজনক ভাৱে অতি সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা লেফেটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱৰ হাস্পতালতে মৃত্যু হয়। আনহাতে সহ-পাইলটগৰাকী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।
Comments are closed, but trackbacks and pingbacks are open.