Daily Time Axom

উত্তৰাখণ্ডত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ, হিমস্খলনত আবদ্ধ অসমৰ পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকা

29

নিউজ ডেস্ক, ৫ অক্টোবৰঃ উত্তৰাখণ্ডত ভয়ংকৰ প্রাকৃতিক দুৰ্যোগ। উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাত সংঘটিত হৈছে এই ঘটনা।হিমস্খলনৰ ঘটনাত আৱদ্ধ ৩০ৰো অধিক পৰ্বতাৰোহী।‘দ্রৌপদী কা দাণ্ডা’ নামৰ পাহাৰৰ চূড়াত আৰোহণৰ চেষ্টা কৰোঁতেই এই ঘটনা সংঘটিত হয়।এই হিমস্খলনত ১০ জন পৰ্বতাৰোহীৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

নিহত ১০ পৰ্বতাৰোহীৰ মাজত আছে অসমৰো দুই পৰ্বতাৰোহী।ভাৰ্গৱ বৰাৰ ঘৰ যোৰহাটত আৰু দীপশিখা বৰাৰ ঘৰ গুৱাহাটীত।

এতিয়াও সন্ধানহীন হৈ আছে অসমৰ বৰ্বতাৰোহী দ্বীপশিখা হাজৰিকা। আনহাতে অসমৰ আন এগৰাকী পৰ্বতাৰোহী ভাৰ্গৱ বৰা সুকলমে উভতি আহিছে এই ভয়াৱহ দুৰ্ঘটনাৰ পৰা।

প্ৰতিষ্ঠানখনৰ ২৫ জনীয়া প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী আৰু ৭জন প্ৰশিক্ষকৰ দল উভতি আহোতেই সংঘটিত হয় এই অঘটন।
ভাৰতীয় বায়ু সেনাই সাহায্য আৰু উদ্ধাৰ বাবে দুখন চিতা হেলিকপ্টাৰ প্ৰেৰণ কৰিছে।

Comments are closed, but trackbacks and pingbacks are open.