নিউজ ডেস্ক, ৫ অক্টোবৰঃ উত্তৰাখণ্ডৰ পৌড়ী গাড়ৱালত সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ ৫০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত ৩২ জন লোকৰ মৃত্যু হোৱাৰ উপৰি ২১জন লোকক উদ্ধাৰ কৰা হয়। আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। অতি দুৰ্গম স্থান হোৱা বাবে উদ্ধাৰ অভিযানত কিছু বাধাগ্ৰস্ত হোৱাৰ খবৰ আহিছে।
উত্তৰাখণ্ডৰ ডিজিপি অশোক কুমাৰে বাছ দুৰ্ঘটনাৰ তথ্য সদৰি কৰি কয় যে দুৰ্ঘটনাত ৩২ জন লোকৰ মৃত্যু হৈছে, ২১জন লোকক উদ্ধাৰ কৰা হৈছে। সকলো আহত লোককে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।