জানিব পৰা মতে বিহাৰৰ পৰা গ্ৰেপ্তাৰ হোৱা যুৱকজনৰ নাম ৰাকেশ কুমাৰ মিশ্ৰ। বিহাৰ আৰক্ষীৰ সহযোগত দ্বাৰভঙাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় তেওঁক। তদন্তকাৰী আৰক্ষী বিষয়াসকলে এতিয়াও জানিব পৰা নাই নিবনুৱা যুৱকজনে কিয় আম্বানীক ভাবুকি দিছিল। অৱশ্যে ইয়াৰ কাৰণ জানিবলৈ মুম্বাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। প্ৰসংগক্ৰমে বুধবাৰে আম্বানীয়ে দুটাকৈ ফোন কল (মুকেশ আম্বানী ডেথ থ্ৰেট) লাভ কৰিছিল। তাতেই তেওঁলোকৰ পৰিয়ালক মৃত্যুৰ ভাবুকি দিয়া হৈছিল।
কেৱল আম্বানীৰ পৰিয়ালেই নহয়, তেওঁলোকে স্থাপন কৰা চিকিৎসালয়খনকো বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছিল। ৰিলায়েন্স গ্ৰুপে এক বিবৃতি প্ৰকাশ কৰি সমগ্ৰ ঘটনাটোৰ বিষয়ে অৱগত কৰে। ইয়াৰ পিছতে মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। সূত্ৰৰ জৰিয়তে ৰাকেশৰ সন্ধান পোৱা গৈছিল। মুম্বাই আৰক্ষীৰ ডি চি পি গৰাকীয়ে জানিবলৈ দিয়া মতে, বিহাৰ আৰক্ষীৰ সহযোগত তেওঁক ধৰা পৰে।
কিন্তু ইয়াৰ পূৰ্বেও কেইবাবাৰো আম্বানী পৰিয়ালে মৃত্যুৰ ভাবুকি লাভ কৰিছিল। চলিত বৰ্ষৰ আগষ্ট মাহত একে অভিযোগত গ্ৰেপ্তাৰ হৈছিল এজন সোণৰ শিল্পী। ২০২১ চনত মুকেশ আম্বানীৰ ঘৰৰ সন্মুখৰ পৰা উদ্ধাৰ হৈছিল বিস্ফোৰক সামগ্ৰীৰে ভৰ্তি এখন গাড়ী। তেওঁলোকৰ ওপৰত মাৰাত্মক আক্ৰমণৰ সম্ভাৱনা আছে বুলি চোৰাংচোৱা বিভাগে দাখিল কৰিছে প্ৰতিবেদন। কিছুদিন পূৰ্বে সকলো পৰিস্থিতি পৰীক্ষা কৰি কেন্দ্ৰই আম্বানীসকলক জেড শ্ৰেণীৰ নিৰাপত্তাৰ কথা ঘোষণা কৰিছিল।