ঋতুস্ৰাৱৰ সময়ত আপুনি যৌন সম্পৰ্ক স্থাপন কৰিব লাগেনে? ডাক্তৰে কি কয়?

ঋতুস্ৰাৱ (Periods)ৰ সময়ত বহুতো সমস্যাৰ সৃষ্টি হয়। পেট বা কঁকালত অসহ্য বিষ, ভাগৰ…বিভিন্ন লক্ষণ । এনে সময়ে যৌন সম্পৰ্কত লিপ্ত হ’ব লাগেনে (Physical intimacy)? এয়া বহুতৰে প্ৰশ্ন। এই সন্দৰ্ভত চিকিৎসকে কি কয়?

চিকিৎসকৰ মতে, ‘পিৰিয়ডত যৌন সম্পৰ্কৰ পৰা বিৰত থকাৰ প্ৰয়োজন নাই। বৰং ঋতুস্ৰাৱৰ সময়ত যৌন সম্পৰ্ক বহুতৰ বাবে সুখদায়ক হ’ব পাৰে। আনকি আন সময়তকৈও অধিক সন্তুষ্টিদায়ক হ’ব পাৰে। আচলতে মাহেকীয়া সময়ত যৌন সম্পৰ্ক স্থাপন কৰিলে ক্ৰেম্পৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰি।” তদুপৰি অৰ্গাজমৰ সময়ত শৰীৰত এণ্ডফিন নিৰ্গত হয়। যিবোৰ আচলতে অক্সিট’চিন আৰু ড’পামিনৰ দৰে ফিল-গুড হৰম’ন। ফলত পিৰিয়ড ক্লান্তিও ৰক্ষা পৰিব।

অৱশ্যে এই ক্ষেত্ৰত কিছু সাৱধানতাও আৱশ্যক বুলি সোঁৱৰাই দিয়ে। তেওঁৰ মতে এই সময় ‘নিৰাপদ যৌনতা’ৰ হ’ব লাগিব। অন্যথা আপুনি যৌন ৰোগ বা অবাঞ্চিত মাতৃত্বৰ বিপদত পৰিব।

কিন্তু আয়ুৰ্বেদৰ শাস্ত্ৰই পুনৰ পিৰিয়ডৰ সময়ত যৌন সম্পৰ্কক ‘বিপজ্জনক’ বুলি গণ্য কৰে। কেৰেলাৰ আয়ুৰ্বেদৰ চিকিৎসক অৰ্চনা সুকুমাৰনৰ মতে এই সময়ত মহিলাসকলে জিৰণি ল’ব লাগে। কাৰণ ঋতুস্ৰাৱৰ ফলত শৰীৰত ভাৰসাম্যতা নাথাকে। তদুপৰি তেওঁ কয় যে এই সময়ছোৱাত যদি আপুনি যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে ই নাৰীৰ প্ৰজনন তন্ত্ৰৰ ক্ষতি কৰিব পাৰে। আন এগৰাকী আয়ুৰ্বেদ বিশেষজ্ঞ দীক্ষা ভাৱছাৰৰ মতে যৌন সম্পৰ্কৰ সময়ত শৰীৰত বায়ুৰ পৰিমাণ বৃদ্ধি পায়। ইয়াৰ ফলত পিৰিয়ডৰ বিষ বেছি হ’ব পাৰে। গতিকে এইকেইদিনত শাৰীৰিক সুখৰ বাবে নাযালে ভাল।

AssamDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment