মাজুলী গড়মূৰ চিকিৎসালয়ৰ অধীক্ষকক অমূল্য গোস্বামীক নিলম্বন

নিউজ ডেস্ক, ৬ অক্টোবৰঃ নিলম্বন কৰা হ’ল গড়মূৰ চিকিৎসালয়ৰ অধীক্ষকক। চিকিৎসালয়খনৰ অধীক্ষক অমূল্য গোস্বামীক কৰা হৈছে নিলম্বন। স্বাস্থ্য বিভাগৰ এক নিৰ্দেশনাৰ জৰিয়তে এই শাস্তিমূলক ব্যৱস্থা।

ডাঃ কিশোৰ বৰ্মনক নতুনকৈ দিয়া হৈছে অধীক্ষকৰ দায়িত্ব। মাজুলীৰ প্ৰতিভাৱান শিশু শিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ পিছতে এই ব্যৱস্থা। চিকিৎসালয়ৰ গাফিলতিৰ বাবেই তেজস্বিতাৰ মৃত্যু হোৱাৰ অভিযোগ।

AssamDaily time axomIndiaMajuliSuperintendentSuspended