নিউজ ডেস্ক, ৬ অক্টোবৰঃ বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত যোগদান কৰে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে । কংগ্ৰেছে অনুষ্ঠিত কৰা এই সৰ্ববৃহৎ ৰাজহুৱা অনুষ্ঠানত ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ওলোৱা পদযাত্ৰাত দুৰ্গা পূজা উপলক্ষে দুদিনীয়া বিৰতিৰ পিছত বৃহস্পতিবাৰে যোগদান কৰে সভানেত্ৰী গৰাকীয়ে ।
কংগ্ৰেছী নেতা জয়ৰাম ৰমেশে জানিবলৈ দিয়া মতে, শোভাযাত্ৰাৰ ২৯ নম্বৰ দিনা পুৱা ৫.৩০ বজাত পতাকা উত্তোলনৰ পাছত কৰ্ণাটকাৰ মান্দ্যাৰ পৰা আৰম্ভ কৰে এই পদযাত্ৰা।