নিউজ ডেস্ক, ৬ অক্টোবৰঃ বিজয়া দশমীৰ আনন্দ-উল্লাসৰ মাজতেই শোণিতপুৰৰ মিছামাৰীত সংঘটিত হয় এক অঘটন।দেৱী বিসৰ্জনৰ সময়ত হঠাতেই বাঢ়িল গাভৰু নৈৰ জলস্তৰ ৷ মিছামাৰীৰ গাভৰু নৈৰ পানীত পৰাৰ পৰা কথমপি ৰক্ষা পৰিল বহলোক৷ জানিব পৰা মতে, দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনস্থলীত হঠাৎ গাভৰু নৈখন ওফন্দি উঠাত বহু লোকক উটুৱাই নিয়ে। একাংশ লোকৰ তৎপৰতাত সুকলমে উদ্ধাৰ কৰা হয় ১০ জন লোকক৷ ৰাৱন দাহন আৰু প্ৰতিমা বিসৰ্জন দিয়াৰ সময়তে নৈৰ পানী বাঢ়ি আহিছিল আৰু কেইবাজনো লোকক উটুৱাই নিছিল।
Comments are closed, but trackbacks and pingbacks are open.