ভাৰতৰ ৪টা কফ ছিৰাপক লৈ WHOৰ সতৰ্কবাণী
নিউজ ডেস্ক, ৬ অক্টোবৰঃ ভাৰতৰ ৪টা দৰবক প্ৰাণঘাতী ঘোষণা বিশ্ব স্বাস্থ্য সংস্থাৰ ৷ চাৰিওটা দৰবৰ নিৰ্মাতা হাৰিয়ানাৰ কোম্পানী ‘MEDIN PHARMACEUTICALS PRIVATE LIMITED’ ৷ প্ৰাণঘাতী ৪টা দৰবৰ নাম-‘প্ৰোমেথজাইন অৰেল ছলিউচন’, ‘কোফেক্সমালিন বেবী কফ ছিৰাপ’,‘মেকআপ বেবী কফ ছীৰাপ’ আৰু ‘মেগৰিপ এণ্ড কোল্ড ছিৰাপ’ ৷
এই দৰবত বিষাক্ত ৰাসায়নিক দ্ৰব্য অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা বিশ্ব স্বাস্থ্য সংস্থাৰ ৷ পশ্চিম আফ্ৰিকাৰ এক ঘটনাৰ পাছতে WHOৰ এই ঘোষণা ৷ পশ্চিম আফ্ৰিকাৰ গাম্বিয়াত মৃত্যু হৈছিল ৬৬টা শিশুৰ ৷ আটাইকেইটা শিশুৰ মৃত্যুৰ বাবে দৰবক দোষাৰোপ WHOৰ ৷ এই দৰবৰ ফলত কিডনীৰ বৃহৎ ক্ষতি হোৱা বুলি উল্লেখ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷
চাৰিটা দৰব পৰীক্ষা কৰি ডায়েথাইলিন গ্ৰিকল আৰু ইথিলিন গ্লাইকলৰ অস্বাভাৱিক স্তৰ থকা দেখা গৈছিল বুলি হৈছে। বুধবাৰে এক সংবাদ সন্মিলনত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানমঘেব্ৰেয়েচাছে কয়, এতিয়ালৈকে গাম্বিয়াত এই চাৰিটা দৰবৰ অস্তিত্ব পোৱা গৈছে।
Comments are closed, but trackbacks and pingbacks are open.