২০২১-২২ বিত্তীয় বৰ্ষত ভাৰতৰ চেনি ৰপ্তানি ৫৭ শতাংশ বৃদ্ধি পাইছে। এই সময়ছোৱাত দেশখনে ১০৯.৮ লাখ টন চেনি ৰপ্তানি কৰিছিল। ইয়াৰ জৰিয়তে ভাৰত বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহত্তম চেনিৰ ৰপ্তানিকাৰক দেশ হিচাপে পৰিগণিত হৈছে।
ভাৰতৰ খাদ্য মন্ত্ৰালয়ে বুধবাৰে এই তথ্য প্ৰকাশ কৰিছে।
২০২০-২১ বিত্তীয় বৰ্ষত ভাৰতে ৭০ লাখ টন চেনি ৰপ্তানি কৰিছিল। ২০১৯-২০ বৰ্ষত চেনি ৰপ্তানি ৫৯ লাখ টন আৰু ২০১৮-১৯ বৰ্ষত চেনি ৰপ্তানিৰ পৰিমাণ আছিল ৩৮ লাখ টন।
ভাৰতৰ খাদ্য মন্ত্ৰালয়ে এক বিবৃতিত কয় যে আন্তঃৰাষ্ট্ৰীয় মূল্য ভাল হোৱাৰ লগতে ভাৰত চৰকাৰৰ নীতি-নিয়মৰ বাবে চেনিৰ ৰপ্তানি বৃদ্ধি পাইছে।
ভাৰতৰ বিত্ত মন্ত্ৰালয়েও প্ৰকাশ কৰিছে যে চৰকাৰৰ পৰা কোনো ধৰণৰ আৰ্থিক সহায় অবিহনে ১০৯.৮ টন চেনি ৰপ্তানি কৰা হৈছে।
তদুপৰি সেই বিত্তীয় বৰ্ষত অভিলেখ সংখ্যক ৫ হাজাৰ টন চুপাৰি উৎপাদন হৈছিল। ইয়াৰে ৩ হাজাৰ ৫৭৪ কোটি টন চুপাৰি চেনি মিলত গুড়ি কৰা হৈছে। ইয়াৰে ৩৯৪ মিলিয়ন টন চেনি উৎপাদন হয়।
এই চেনিৰ ভিতৰত ৩৫ লাখ টন চেনি ইথানল উৎপাদনত ব্যৱহাৰ কৰা হৈছে। আনহাতে, চেনি মিলত ৩.৫৯ লাখ টন খাদ্য চেনি উৎপাদন হৈছিল।