Daily Time Axom

গুৱাহাটীত উপস্থিত অমিত শ্বাহ-জেপি নাড্ডা

29

নিউজ ডেস্ক, ৭ অক্টোবৰঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। বিমানবন্দৰত অমিত শ্বাহ আৰু জে পি নাড্ডাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে উষ্ম আদৰণি।

৮ অক্টোবৰত গুৱাহাটীৰ বশিষ্ঠত নৱ-নিৰ্মিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰা হ’ব আৰু সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব অমিত শ্বাহ আৰু জে পি নাড্ডাই।

কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপি দলৰ নেতা-কৰ্মীসকল।

৭ অক্টোবৰৰ সন্ধিয়া গুৱাহাটীত উপস্থিত হৈ গৃহমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় সভাপতিৰে বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী, বিভাগীয় মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকল। আগন্তুক নিৰ্বাচনৰ লগতে বান পৰিস্থিতিৰ সন্দৰ্ভত দলৰ নেতা-কৰ্মীৰ সৈতে বৈঠকত আলোচনা কৰিব দুই ৰাষ্ট্ৰীয় নেতাই।

আনহাতে ৮ অক্টোবৰৰ দিনৰ ১ বজাত খানাপাৰা ভেটেনেৰী কলেজ খেলপথাৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিজেপিৰ বিষয়ববীয়াৰে বৈঠক মিলিত হ’ব গৃহমন্ত্ৰী অমৃত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা।

Comments are closed, but trackbacks and pingbacks are open.