নিউজ ডেস্ক, ৭ অক্টোবৰঃ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক সমাপ্ত ।আজিৰ এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়।কেবিনেটৰ অন্তত মন্ত্রী ডাঃ ৰণোজ পেগুয়ে সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেঁও কয় যে, এতিয়াৰে পৰা নিম্ন আৰু উচ্চ প্রাথমিকত অনুষ্ঠিত হ’ব পৰীক্ষা ।৫ম আৰু ৮ম শ্রেণীত অনুষ্ঠিত হ’ব বছৰেকীয়া পৰীক্ষা।পৰীক্ষাত অনুত্তীৰ্ণ ছাত্র-ছাত্রীৰ বাবে বিশেষ শ্রেণীৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত শিক্ষা বিভাগৰ।দুমাহৰ ভিতৰত বিশেষ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ পাব পৰীক্ষাৰ্থীয়ে।
আনহাতে কেবিনেটত সিদ্ধান্ত লয় যে, প্ৰতিমা পাণ্ডে বৰুৱাৰ বাসগৃহৰ ভূমি ক্ৰয় কৰিব অসম চৰকাৰে। ১৫কোটি ২০লাখ টকাত চৰকাৰে পৰিয়ালটোৰ পৰা ক্ৰয় কৰিব ভূমি। বাসগৃহটোৰ ভূমিত নিৰ্মাণ হ’ব লাইভ মিউজিয়াম।