Daily Time Axom

সোণাপুৰত পথ দুৰ্ঘটনা, নিহত ৩ জনকৈ লোক

34

নিউজ ডেস্ক,৭ অক্টোবৰঃ সোণাপুৰৰ নাজিৰাখাটত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাকত খুন্দা গুৱাহাটী অভিমুখী ছুইফট ডিজায়াৰ বাহনৰ। থিতাতে নিহত হয় বাহনখনৰ ৩ আৰোহী। নিহত হোৱা ৩ আৰোহীকইজন হ’ল- বাপন হালৈ, গৌতম বনিক, সুবল দাস।

মাটি বেচা-কিনাৰ সংক্ৰান্তত নগাঁৱলৈ গৈছিল তিনিওজন। গৌতম বনিক, সুবল দাসৰ ঘৰ গুৱাহাটীত। আনহাতে বাপন হালৈৰ ঘৰ নলবাৰী ধমধমাত। মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিয়া হৈছে মৃতদেহকেইটা।

Comments are closed, but trackbacks and pingbacks are open.