Daily Time Axom

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশ ল’ব শ্বাহে

26

নিউজ ডেস্ক, ৭ অক্টোবৰঃ ৩ দিনীয়া ভ্ৰমন সূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ আজি বিয়লি ৭ বজাত বিশেষ বিমান যোগে গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকী ৷ তাৰ পৰা কইনাধৰা ৰাজ্যিক অতিথিশালাত বৈঠকত মিলিত হ’ব বিজেপিৰ নেতৃত্বৰ সৈতে ৷

৮ তাৰিখে ১০ বজাত নৱ নিৰ্মিত বিজেপিৰ কাৰ্য্যালয় উদ্ধোধন কৰাৰ পিছতে ১২ বজাত কইনাধৰালৈ যাব ৷ ১বাজি ৫৫ মিনিটত খানাপাৰৰ ৰাজহুৱা মিটিঙত অংশ ল’ব ৷ বিয়লি ৪ বজাত  উত্তৰ পূবৰ ৰাজ্যৰ মূখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান,কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ মূৰব্বী তথা NCB কে ধৰি বিভিন্ন সংস্থা সমূহৰ লগত আলোচনাত মিলিত হ’ব। ৯ তাৰিখে ১০ বাজি ৪৫ মিনিটত staff collage ত NEC বৈঠকত অংশ ল’ব গৃহমন্ত্ৰী গৰাকীয়ে ৷ বিয়লি ৰাওনা হ’ব দেৰগাওঁস্থিত PTC ত আৰক্ষী অধীক্ষকৰ বৈঠকত৷

Comments are closed, but trackbacks and pingbacks are open.