Daily Time Axom

বলিউডৰ প্ৰবীণ অভিনেতা অৰুণ বালি আৰু নাই

28

নিউজ ডেস্ক, ৭ অক্টোবৰঃ 3 Idiots, PK, কেডাৰনাথ, পাণিপথৰ দৰে বলীউডৰ বহু জনপ্ৰিয় ছবিত অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা প্ৰবীণ অভিনেতা অৰুণ বালী আৰু নাই। শুকুৰবাৰে পুৱা প্ৰায় ৪.৩০ বজাত ৭৯ বছৰ বসয়ত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।

মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত ৭৯ বছৰত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অভিনেতা গৰাকীয়ে।

১৯৪২ চনত পঞ্জাৱৰ জলন্ধৰত জন্ম গ্ৰহণ অভিনেতাগৰাকীয়ে শেষবাৰৰ বাবে আমিৰ খানৰ লাল সিং ছদ্দা ছবিখনত অভিনয় কৰা দেখা গৈছিল।

Comments are closed, but trackbacks and pingbacks are open.