বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে CBIৰ চাৰ্জশ্বীট

নিউজ ডেস্ক,৮ অক্টোবৰঃ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে CBIৰ চাৰ্জশ্বীট। চাকৰিৰ বিনিময়ত ভূমি দখলৰ কেলেংকাৰি লালু প্ৰসাদৰ বিৰুদ্ধে।

লালু প্ৰসাদ যাদৱৰ পত্নী, প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰী দেৱীৰ বিৰুদ্ধেও চাৰ্জশ্বীট । কন্যাদ্বয় মিছা ভাৰতী, হেমা যাদৱৰ বিৰুদ্ধেও চাৰ্জশ্বীট CBIৰ।

ভাৰতীয় ৰে’লৱেৰ প্ৰাক্তন মহাপ্ৰবন্ধকৰ লগতে সৰ্বমুঠ ১৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট। ২০২১ চনত এই সন্দৰ্ভত ৰুজু হৈছিল গোচৰ। মাটিৰ বিনিময়ত ৰে’ল বিভাগৰ গ্ৰুপ ডি পদত নিযুক্তিৰ অভিযোগ। চাকৰি প্ৰত্যাশীৰ অনিচ্ছা সত্ত্বেও হস্তগত কৰিছিল ভূমি। পাটনাত ১.০৫ লাখ বৰ্গফুট ভূমি দখল কৰিছিল লালুৰ পৰিয়ালে।CBIৰ চাৰ্জশ্বীটত উন্মোচিত হৈছে এই চাঞ্চল্যকৰ তথ্য।

BiharCBIDaily time axomIndiaJob ScamLALU PRASHAD YADAV