আজি মুকলি কৰা হ’ব ৰাজ্যিক বিজেপিৰ নতুন কাৰ্যালয়, মুকলি কৰিব জে পি নাড্ডা আৰু অমিত শ্বাহে

নিউজ ডেস্ক, ৮ অক্টোবৰঃ ৬ মহলীয়া আটকধুনীয়া ৰাজ্যিক বিজেপিৰ নতুন কাৰ্যালয়, মুকলি কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

আজি ১০.৩০ বজাত বশিষ্ঠত মুকলি কৰা হ’ব ৰাজ্যিক বিজেপিৰ নতুন কাৰ্যালয়। ৬ মহলীয়া আটকধুনীয়া কাৰ্যালয়টো মুকলি কৰিব অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই।

হেঙেৰাবাৰীৰ পৰা বশিষ্ঠ লালমাটিলৈ স্থানান্তৰিত কৰিব বিজেপিৰ কাৰ্যালয়। ৪ বিঘা ভূমিত নিৰ্মাণ কৰা হৈছে ৬ মহলীয়া বিশাল ভৱন। কাৰ্যালয়টোত আছে মুঠ ৪০টা কোঠা। ১ম মহলাত থাকিব পেক্ষাগৃহ। ৩৫০জন লোক বহিব পৰা সুবিধা থাকিব এই পেক্ষাগৃহত।

Amit ShahAssambjpDaily time axomGuwahatiHimanta Biswa SarmaIndiaJP Nadda