এগৰাকী গৰ্ভৱতী মহিলাক ধৰ্ষণ কৰি জীৱন্তে জ্বলাই দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ তিনিজনক

তিনিমাহ পূৰ্বে এগৰাকী গৰ্ভৱতী মহিলাক ধৰ্ষণ কৰিছিল এজন লোকে।

আৰু তিনিমাহৰ পাছত তেওঁক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছিল। উত্তৰ প্ৰদেশৰ মানপুৰী জিলাত সংঘটিত হৈছে এই ঘটনা। স্থানীয় আৰক্ষী থানাত পৰিয়ালটোৱে এফ আই আৰ দাখিল কৰিছে। সেই তিনিজন লোকৰ সন্ধানত অভিযান চলাই আছে আৰক্ষীয়ে। তিনিমাহ পূৰ্বে অভিষেক নামৰ এজন লোকে কন্যা সন্তানক ধৰ্ষণ কৰিছিল বুলি জানিবলৈ দিয়ে মাতৃয়ে। পৰিয়ালটোৰ সুনাম নষ্ট হোৱাৰ আশংকাত মহিলাগৰাকীয়ে প্ৰথমতে নিজৰ নাম প্ৰকাশ কৰিব বিচৰা নাছিল।

কিন্তু কিছুদিনৰ পাছত গম পোৱা গ’ল যে মহিলাগৰাকী গৰ্ভৱতী আৰু স্থানীয় পঞ্চায়তক খবৰ দিয়া হয়। স্থানীয় পঞ্চায়তে সিদ্ধান্ত লয় যে অভিযুক্ত আৰু মহিলাগৰাকীৰ বিবাহ হ’ব। ইয়াৰ পিছতে অভিযুক্তৰ মাতৃয়ে মহিলাগৰাকীক তেওঁলোকৰ ঘৰলৈ লৈ যায় আৰু মহিলাগৰাকীৰ ওপৰত পেট্ৰ’ল ঢালি জুই লগাই দিয়ে। এই বিষয়ে অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। মহিলাগৰাকীক মানপুৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সম্প্ৰতি তেওঁৰ অৱস্থা সংকটজনক। ভুক্তভোগীৰ মাতৃয়ে দাখিল কৰা এফ আই আৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযুক্তৰ সন্ধান বিচাৰি গ্ৰেপ্তাৰ কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

AssamDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment