Daily Time Axom

ইউক্ৰেইনত ক্ষেপণাস্ত্ৰ আক্ৰমণত শিশুসহ ১৭ জন লোক নিহত

0 34

ইউক্ৰেইনৰ দক্ষিণৰ ঔদ্যোগিক চহৰ জাপ’ৰিজিয়াত ৰাছিয়াৰ ৭টা ক্ষেপণাস্ত্ৰৰ আক্ৰমণত এজন শিশুসহ কমেও ১৭ জন লোক নিহত হয়। শনিবাৰে দেশৰ কৰ্তৃপক্ষই এই কথা প্ৰকাশ কৰে।

বৃহস্পতিবাৰে ভোৰ হোৱাৰ আগতেই দক্ষিণ ফ্ৰণ্টৰ আৰ্টিলাৰী যুদ্ধৰ পৰা মাত্ৰ ৪০ কিলোমিটাৰ (২৫ মাইল) দূৰত্বত তিনিটা মিছাইলে চহৰৰ মাজমজিয়াত আঘাত হানে। খবৰ বাছ।

ইউক্ৰেইনৰ ৰাজ্যিক জৰুৰীকালীন সেৱাই এটা টেলিগ্ৰামত এটা শিশুসহ মুঠ ১৭ জন লোকৰ মৃত্যু হৈছে বুলি কয়। মূল পথটোৰ এটা পাঁচ মহলীয়া আৱাসিক ভৱন প্ৰায় ভাঙি যায়।

প্ৰথম অৱস্থাত এজনৰ মৃত্যু হোৱাৰ খবৰ আহিছিল যদিও ক্ৰমান্বয়ে বৃদ্ধি পালে সংখ্যা। ইয়াৰ পূৰ্বে শনিবাৰে ১৪ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে এটা টেলিগ্ৰামত কয় যে জাপ’ৰিজিয়াত “প্ৰতিদিনে বৃহৎ ৰকেট আক্ৰমণৰ বলি হয়”। ই এটা ইচ্ছাকৃত অপৰাধ’।

ইউক্ৰেইনৰ নিয়ন্ত্ৰণত থকা জাপ’ৰিজিয়া চহৰখন জাপ’ৰিজিয়া অঞ্চলত অৱস্থিত, আৰু ইয়াত ৰাছিয়াৰ অধীনত থকা পাৰমাণৱিক শক্তি কেন্দ্ৰটোও আছে, য’ত ব্যাপক আক্ৰমণ সংঘটিত হৈছে।

মস্কোৱে দাবী কৰিছে যে তেওঁলোকে এই অঞ্চলটোক নিজৰ অধিগ্ৰহণ কৰিছে যদিও তেওঁলোকৰ বাহিনীয়ে ইয়াৰ সকলোবোৰ নিয়ন্ত্ৰণ নকৰে।

ইফালে ইউক্ৰেইনে জনোৱা মতে, যোৱা সপ্তাহত জাপ’ৰিজিয়া অঞ্চলত অসামৰিক বাহনৰ কনভয়ত গোলাবৰ্ষণত কমেও ৩০ জন লোক নিহত হৈছে। ইয়াৰ বাবে কিয়েভে মস্কোক দোষাৰোপ কৰিছে।

Leave A Reply

Your email address will not be published.