আজি ধনৰ অধিষ্ঠাত্রী দেৱী লক্ষ্মী পূজা

নিউজ ডেস্ক, ৯ অক্টোবৰঃ আজি ধনৰ অধিষ্ঠাত্রী দেৱী লক্ষ্মী পূজা। দেৱী লক্ষ্মীৰ আশিস ল’বলৈ পুৱাই মন্দিৰত ভক্তৰ ভিৰ।

লক্ষ্মী দেৱী হিন্দু সকলৰ ত্ৰিদেৱী সমূহৰ ভিতৰত অন্যতম। ধন, সম্পদ, উন্নতি, পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। তেওঁ ভগৱান বিষ্ণুৰ ভাৰ্যা। জন বিশ্বাস মতে, লক্ষ্মী পূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্ত সকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্ত সকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে। ভক্ত সকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকে দেৱীৰ কৃপা লাভ কৰে।

AssamDaily time axomGuwahatiIndiaLakshmi Puja