Daily Time Axom

গুণ্ডাৰ ৰূপত মৰাণ থানাৰ আৰক্ষী বিষয়া,বিনা দোষত ১১ জন যুৱকক মাৰপিটৰ অভিযোগ

36

নিউজ ডেস্ক, ৯ অক্টোবৰঃ মৰাণত আৰক্ষী বিষয়াৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ। OC বিজয় দৈমাৰীয়ে ১০ যুৱকক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ। সুৰামত্ত অৱস্থাত গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে যুৱককেইজনক। পত্নীক অপদস্থ কৰাৰ অভিযোগ তুলি নিৰ্মম প্ৰহাৰ যুৱককেইজনক।

মৰাণৰ পেচিফিকা ইন নামৰ হোটেলখনত নিশা পত্নীসহ আহাৰ গ্ৰহণৰ বাবে গৈছিল আৰক্ষী বিষয়াজন।সহধৰ্মিনীক অপদস্থ কৰাৰ অভিযোগ তুলি নিশাই থানালৈ লৈ অনা হয় যুৱককেইজনক।

লকআপৰ ভিতৰত আটাইকেইজনক উলংগ কৰি বন্দুকৰ গাডীৰে প্ৰহাৰ কৰে আৰক্ষী বিষয়াজনে। নিৰ্যাতনৰ বলি হোৱা দলটোৱে এজাহাৰ দাখিল কৰিবলৈ উপস্থিত হ’ল ডিমৌ আৰক্ষী থানাত। অথচ ডিমৌৰ OCয়ে ৰুজু নকৰিলে গোচৰ। ইপিনে বিজয় দৈমাৰীৰ পত্নীয়েও যুৱকৰ দলটোৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।যুৱকৰ দলটোৰ বিৰুদ্ধে শ্লীলতা হানিৰ অভিযোগ আৰক্ষী বিষয়াজনৰ পত্নীৰ। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত ঘটনাৰ তদন্ত আৰম্ভ মৰাণহাট আৰক্ষীৰ।

Comments are closed, but trackbacks and pingbacks are open.