নিউজ ডেস্ক, ৯ অক্টোবৰঃ কামাখ্যা মন্দিৰত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মা কামাখ্যাৰ আশিস ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
আজি অমিত শ্বাহৰ অসম ভ্রমণৰ ৩য়টো দিন। মা কামাখ্যাৰ আশিস বিচাৰি নীলাচললৈ কেন্দ্রীয় গৃহমন্ত্রী। ইয়াৰপিছতেই দেৰগাঁৱত আৰক্ষী অধীক্ষকৰে বৈঠকত মিলিত হ’ব অমিত শ্বাহ।
মন্দিৰ প্ৰাংগনত গৃহমন্ত্ৰীক প্ৰত্যক্ষ কৰি ‘ভাৰত মাতা কী জয়’ আৰু ‘জয় শ্ৰী ৰাম’ ধ্বনি একাংশ দৰ্শনাৰ্থীৰ। কামাখ্যা মন্দিৰ দৰ্শনৰ সময়ছোৱাত গৃহমন্ত্ৰীজনক সংগ দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।