আজি কামাখ্যা দৰ্শন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

নিউজ ডেস্ক, ৯ অক্টোবৰঃ আজি কামাখ্যা দৰ্শন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কামাখ্যা দৰ্শনক লৈ কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।

গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনক লৈ তৎপৰ আৰক্ষী প্ৰশাসন। মহানগৰীৰ চৌদিশে গঢ়ি তোলা হৈছে আৰক্ষীৰ বেষ্টনী। নীলাচল পাহাৰ তথা শক্তিপীঠ কামাখ্যাতো কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। নীলাচল পাহাৰৰ পথত বহিৰাগত কোনো ধৰণৰ যান-বাহন ৰাখিবলৈ অনুমতি দিয়া হোৱা নাই।

কামাখ্যা দৰ্শনৰ পাছতেই  ১১ বজাত উত্তৰ-পূব পৰিষদৰ ৭০তম পূৰ্ণাংগ অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীজনে।

Amit ShahAssamDaily time axomGuwahatiIndiakamakhya Temple