এই তথ্য সোমবাৰে জাৰ্মান বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ক্রিষ্টিয়ান ৱাগনানৰ উদ্ধৃতি দি তুর্কিৰ সংবাদ মাধ্যম আনাডলু এজেন্সীয়ে প্রকাশ কৰিছে৷ ক্রিষ্টিয়ান ৱেগনাৰে জনোৱা মতে, জার্মান দূতাবাসৰ ভিছা কার্যালয়ৰ ভৱনটোত এই মিছাইল আক্রমণ কৰা হৈছে৷ ভিছা বিভাগৰ টাৱাৰটো ক্ষতিগ্ৰস্ত হোৱা বুলি প্ৰকাশ পাইছে। তেওঁ লগতে কয় যে যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ভিছা বিভাগটো বন্ধ হৈ আছিল, গতিকে আক্ৰমণৰ সময়ত কোনো কৰ্মচাৰী উপস্থিত নাছিল।
ইফালে জাৰ্মান চৰকাৰৰ মুখপাত্ৰ ষ্টিফেন হেবেষ্ট্ৰেটে কয় যে জাৰ্মানীয়ে ৰাছিয়াৰ আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে। দেওবাৰে জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্বলজে ভল’ডিমাইৰ জেলেনস্কিৰ সৈতে ফোনযোগে কথা পাতে। ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি মেৰামতিৰ বাবে জাৰ্মানীয়ে সকলো প্ৰচেষ্টা চলাব।
Next Post