Daily Time Axom

দেশৰ প্ৰথমটো ‘সেউজীয়া’ বিমানবন্দৰ !

0 28

মুম্বাইৰ ছত্ৰপতি শিৱাজী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে ভাৰতৰ প্ৰথমটো ‘সেউজীয়া’ বিমানবন্দৰৰ খিতাপ অৰ্জন কৰিছে। বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, খনিজ সম্পদৰ সীমিত মজুত আৰু ক্ৰমবৰ্ধমান চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।

পৰিৱেশ অনুকূল পানী আৰু বায়ু শক্তিয়ে দৈনন্দিন কাম-কাজ চলাবলৈ ৯৫ শতাংশ বিদ্যুৎ যোগান ধৰে। আৰু বাকী ৫ শতাংশই সৌৰশক্তিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব।

বিমানবন্দৰৰ সূত্ৰ অনুসৰি এই সৌৰশক্তি প্ৰকল্পটো আৰম্ভণিতে ১.০৬ মেগাৱাট বিদ্যুতৰ লক্ষ্যৰে নিৰ্মাণ কৰা হৈছিল যদিও বৰ্তমান ই ৪.৬৬ মেগাৱাট পৰ্যন্ত বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম।

চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা পৰীক্ষামূলকভাৱে এই প্ৰকল্প আৰম্ভ কৰা হৈছিল। সম্পূৰ্ণ পৰিৱেশ অনুকূল আৰু প্ৰাকৃতিক শক্তিৰ ওপৰত নিৰ্ভৰশীল ভাৰতৰ প্ৰথমটো হাইব্ৰিড প্ৰযুক্তি বিমানবন্দৰ।

এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি বিমানবন্দৰ কৰ্তৃপক্ষৰ মুখপাত্ৰই কয় যে আগলৈ চাই আমি এই মাইলৰ খুঁটিত উপনীত হোৱাত অত্যন্ত সুখী। মুম্বাইৰ ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নবীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰি ২০২৯ চনৰ ভিতৰত কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত ‘নেট-জিৰ’ হোৱাৰ পথত আগবাঢ়িছে।”

Leave A Reply

Your email address will not be published.