ইউক্ৰেইনক অধিক সাহাৰ্য্য দিয়াৰ প্ৰতিশ্ৰুতি আমেৰিকাৰ

এক আকস্মিক আক্ৰমণত পুটিনৰ সেনাই ইউক্ৰেইনৰ ৰাজধানী কিয়েভকে ধৰি গুৰুত্বপূৰ্ণ চহৰসমূহলৈ ৮৪টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। ইউক্ৰেইনৰ কৰ্তৃপক্ষৰ মতে, এই আক্ৰমণত ১৯ জন লোক নিহত আৰু শ শ আঘাতপ্ৰাপ্ত হৈছে। আজি কিভ, লভিভ, টেৰনোপিল, জিট’মিৰ, ড্নিপ্ৰ’, ক্ৰেমেনচুক, খাৰ্কিভত নতুনকৈ আক্ৰমণ সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। লভিভৰ দুটা শক্তি কেন্দ্ৰত একেৰাহে তিনিটাকৈ বিস্ফোৰণ সংঘটিত হয়। ইয়াৰ উপৰিও ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে আজি কয় যে ইউক্ৰেইনৰ সেনাই তেওঁলোকৰ মূল লক্ষ্য কৰি লৈছে। শক্তি আৰু বিদ্যুৎ কেন্দ্ৰসমূহক দূৰ্বল কৰাৰ বাবে ৰাছিয়াই লক্ষ্য কৰি লৈছে।

শেহতীয়াকৈ সংঘটিত হোৱা ক্ষেপণাস্ত্ৰ আক্ৰমণক ৰাষ্ট্ৰসংঘই তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে কয় যে শেহতীয়াকৈ সংঘটিত হোৱা আক্ৰমণত তেওঁ গভীৰভাৱে স্তম্ভিত হৈ পৰিছে। তেওঁ কয়, এই সংঘাতত বহু ক্ষতি হৈছে। সৰ্বাধিক মূল্য দি আছে সাধাৰণ মানুহে।

শেহতীয়াকৈ সংঘটিত আক্ৰমণৰ পিছত ইউক্ৰেইনক উন্নত বায়ু প্ৰতিৰক্ষা ব্যৱস্থা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। হোয়াইট হাউছৰ সূত্ৰ অনুসৰি বাইডেনে এই সন্দৰ্ভত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ সৈতে কথা পাতিছে। তেওঁলোকে ইউক্ৰেইনক উন্নত বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ লগতে সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি দিছে। বাইডেনৰ সৈতে কথা পতাৰ পিছত জেলেনস্কিয়ে টুইট কৰি কয়, ‘এতিয়া আমাৰ মূল লক্ষ্য হৈছে আকাশমাৰ্গ সুৰক্ষিত কৰা।’ কিয়েভৰ সূত্ৰ অনুসৰি জেলেনস্কিয়ে জি-৭ দেশসমূহক উন্নত আকাশমাৰ্গ-প্ৰতিৰক্ষা ব্যৱস্থাৰ বাবে আবেদন কৰিব।

assam news 24assam news liveassam news todaycongress assam newscovid assam newsdaily assam newsDaily time axomlatest assam newstoday assam news live guwahati
Comments (0)
Add Comment