Daily Time Axom

নেপালত ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বান আৰু ভূমিস্খলন, মৃত্যু ৩৩ জনৰ

0 31

নেপালৰ পশ্চিম অংশত নিৰন্তৰ বৰষুণৰ ফলত বানপানী আৰু ভূমিস্খলনত কমেও ৩৩ জন লোকে প্ৰাণ হেৰুৱাইছে।

নেপালৰ প্ৰশাসনিক বিষয়াই জনোৱা মতে, প্ৰচণ্ড বৰষুণৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে উত্তৰ-পশ্চিম প্ৰদেশ কৰ্ণালী। হাজাৰ হাজাৰ বাসিন্দাক নিৰাপদ স্থানলৈ লৈ যোৱা হয়।

তাত হিমস্খলন আৰু বানপানীৰ ফলত শ শ বাসগৃহৰ ক্ষতিসাধন হয়। সমগ্ৰ প্ৰদেশত এতিয়াও সন্ধানহীন হৈ আছে ২২ জন লোক। তদুপৰি বহু লোক আহত হয়। খবৰ পোৱা গৈছে যে বৰষুণৰ ফলত পাহাৰীয়া অঞ্চলত উদ্ধাৰকাৰীৰ অভিযান কঠিন হৈ পৰিছে।

নেপালৰ আৰক্ষীৰ এগৰাকী মুখপাত্ৰই কয়, ‘আমি মাটিত আৰক্ষীক গোটাইছো। আমি সুৰখেটৰ পৰা বিমান উদ্ধাৰ অভিযানৰ বাবে হেলিকপ্টাৰৰ ব্যৱস্থা কৰিছো। কিন্তু বেয়া বতৰৰ বাবে উদ্ধাৰ অভিযান ভালদৰে চলি থকা নাই।’

সৰ্বাধিক নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা হৈছে কলিকট জিলা। প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীৰ মাজতে বিগত সপ্তাহত হাজাৰ হাজাৰ লোকক সুৰক্ষিত ঠাইলৈ লৈ যোৱা হৈছে বুলি বাতৰি প্ৰকাশ পাইছে। দেশৰ নেচনেল ইমাৰ্জেন্সি অপাৰেচন চেণ্টাৰে প্ৰকাশ কৰা অনুসৰি এই দুৰ্যোগত এতিয়ালৈকে ১১০ জন লোকে প্ৰাণ হেৰুৱাইছে।

Leave A Reply

Your email address will not be published.