শিক্ষাৰ খৰচ বহন কৰিবলৈ পিতৃয়ে কিডনী বিক্ৰী কৰিলে, প্ৰেমত ব্যৰ্থ হৈ আত্মহত্যা কৰিলে সেই ছোৱালীজনীয়ে
সন্তানৰ বাবে পিতৃ-মাতৃয়ে কিমান ত্যাগ কৰে? কিছুমান পিতৃয়ে সন্তানৰ বাবে সকলো ত্যাগ কৰে। কিন্তু সেই ত্যাগক শিশুৱে সদায় যথাযথ সন্মান দিব পাৰিবনে?
এনে এটা ঘটনাই এজন পিতৃয়ে নিজৰ কন্যাৰ বাবে কৰা চূড়ান্ত ত্যাগৰ উদাহৰণ দাঙি ধৰিছিল।প্ৰেম আৰু ত্যাগৰ এই হৃদয়বিদাৰক কাহিনীয়ে আপোনাৰো চকুলৈ চকুলো অনাটো নিশ্চিত।
আমাণ্ডা চিণ্ডা নামৰ এগৰাকী নাইজেৰিয়ান মহিলাই প্ৰথমে টুইটাৰযোগে এই ঘটনা পোহৰলৈ আনিছিল। তেওঁৱেই এই কাহিনীটো সকলোৰে আগত দাঙি ধৰিছিল।

আমাণ্ডাৰ মতে, এগৰাকী ছোৱালীৰ দেউতাকৰ সপোন আছিল তেওঁৰ ছোৱালীক সঁচা অৰ্থত শিক্ষিত কৰা। দৰিদ্ৰ পৰিয়ালৰ হ’লেও তেওঁ কেতিয়াও জীয়েকৰ পঢ়া-শুনাত কোনো বাধা আহিব নিদিয়ে।
ছোৱালীজনী ডাঙৰ হোৱাৰ লগে লগে তাইৰ পঢ়া-শুনাৰ খৰচো বাঢ়ি যায়। এটা সময়ত দেউতাকে জীয়েকৰ পঢ়া-শুনাৰ খৰচ দিবলৈ হাবাথুৰি খাইছিল।
ছোৱালীজনীৰ পঢ়া-শুনা অব্যাহত ৰাখিবলৈ যি কৰিব লাগিব তাকে কৰিবলৈ সিদ্ধান্ত ল’লে।
বহু চিন্তা কৰি তেওঁ ছোৱালীজনীৰ পঢ়া-শুনাৰ খৰচ দিবলৈ কিডনী বিক্ৰী কৰাৰ সিদ্ধান্ত ল’লে। কিডনী বিক্ৰী কৰি পোৱা টকাৰে জীয়েকৰ গোটেই জীৱন পঢ়াৰ খৰচ বহন কৰিব।
কিন্তু সেই মুহূৰ্তত ছোৱালীজনীৰ জীৱলনৈ এজন প্ৰেমিকৰ আগমনৰ কথা পিতৃয়ে গম পোৱা নাছিল। বহুদিনৰ পৰা প্ৰেমিকৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল ছোৱালীজনীৰ ।
ইপিনে দেউতাকে কিডনী বিক্ৰী কৰি জমা কৰিছে ছোৱালীজনীৰ কলেজৰ খৰচ।
কিছুদিনৰ ভিতৰতে ছোৱালীজনী আৰু প্ৰেমিকৰ সম্পৰ্কত বহু গভীৰ হ’বলৈ ধৰে আৰু তেনেকুৱাতে প্ৰেমিকজনে ছোৱালীজনীক এৰি যায়।
ছোৱালীজনীয়ে সেয়া মানি ল’ব পৰা নাছিল যে তাইৰ প্ৰেমিকজনে তাইক এৰি থৈ গৈছে। দুখতে তাই আত্মহত্যা কৰে।
দেউতাকৰ ত্যাগৰ কথা নাভাবি ছোৱালীজনীয়ে আত্মহত্যা কৰিলে। জীয়েকক পঢ়া-শুনা কৰাৰ পিতৃৰ সপোন ছিন্নভিন্ন হৈ পৰে।
কন্যাৰ আত্মহত্যাৰ পিছত বিধ্বস্ত হৈ পৰিছে দেউতাক।

ছোৱালীজনীয়ে আত্মহত্যা কৰিব বুলি জানিলে তেওঁ নিজৰ বৃক্ক বিক্ৰী নকৰিলেহেঁতেন বুলি কান্দি কান্দি কয় আমাণ্ডা চিণ্ডাক ।